:: অনুৰ্বৰ ::
তলাবন্ধৰ দিনকেইটাত ৰামধনে ইংৰাজী ভাষাটো ভালকৈ শিকিছে যেন অনুমান কৰিছে গাঁৱৰ মানুহে । ছছিয়েল ডিচটেনচিং, চেনিটাইজেশ্যন, আইচলেশ্যন, কোৱাৰেন্টাইন, এছিমটমেটিক, হাইড্ৰক্সিক্লোৰকুইন ইত্যাদি যদু-মধুৰ জিভা পাক খোৱা শব্দবোৰ তাৰ মুখত আখৈ ফুটাদি ফুটিছে। সন্ধিয়া ৰতন মহাজনৰ সুলভ মূল্যৰ দোকানত বাতৰি চাবলৈ অহা মানুহবোৰৰ মাজত অনৰ্গল নিজাববীয়া বাতৰি পৰিবেশন কৰি পাণ্ডিত্য জাহিৰ কৰাত ব্ৰতী ৰামধনক এজনে সুধিয়ে পেলালে- " ককাই ইমান টান টান শব্দবোৰ কৈ থাকা বুজি হলে নাপাওঁ । অসমীয়াতে বুজাই দি চোন। বাতৰিনো কি চাবি , সেই একেবোৰেই ।" ৰামধন মনে মনে থাকিল। সেই টান টান শব্দৰ অনুবাদ তাৰ হাতত নাই।
*******