Tuesday, November 6, 2018

মোৰ যে কিমান হেঁপাহ


তেজে তেজে বয় প্ৰণয়ৰ এখনি নৈ
হৃদয়ত অনুৰাগৰ বীজ

চুই চালেই বুজিবা
হে আকাশ বতাহ
মোৰো যে কিমান হেঁপাহ
ঈষৎ সেউজীয়া
বুকুত হাচনাহানাৰ সিক্ত কলি
হৃদয়ৰ ভাষা 
শব্দৰ সৰোজৰে গাঁথা
কবিতাৰে তোমাক চুবলৈ
সমাহিত মই
এটি কৃচ্ছ সাধনাত ।

                    ++++


Sunday, November 4, 2018


নিবিড় নীৰৱতা ভেদি 
বৈ আহে
কলিজাৰ অনুভৱী কান্দোনৰ
চিনাকী মাত

জোনাক গুছিল অমানিশাই আগুৰিল
হঠাতে
তোমাৰ হৃদয়লৈ যোৱা
সমুখৰ 
চিনাকী বাট

দুচকুত 
সপোনৰ মমবাতি জ্বলাম
তথাপি তোমাক চাম  ।

                   ++++

Saturday, November 3, 2018

তুমি মোৰ তেজে তেজে আছা


তুমি মোৰ তেজে তেজে  আছা
    হৃদয়তো শিপাইছাহি
  অনুভূতিৰ দ্ৰাক্ষা হৈ 
ফটো : সংগ্ৰহ


তোমাৰ প্ৰতি উশাহে 
 মোৰ কলিজাত খুন্দিয়াই
     নিশাহেও আহে
    বিষাদৰ কালিমা গুছাই।

                        +++++

Wednesday, October 31, 2018

এই আকাশ বৰ বিশাল


নিৰুত্তাপ জীৱনৰ বাটে বাটে
ফটো: সংগ্ৰহ
অন্ধ আশাত আচ্ছন্ন যাৰ
প্ৰতিটো খোজ

সিহঁতৰ বাবেও আছ এখন আকাশ
শূন্যতা
আৰু তাৰ বিশালতা

সুখ-বেদনাৰ এই বহল ধৰাত
আকাশেও সুহুৰিয়াই হেঁপাহেৰে


বুৰ্জোৱাই
নিবিচাৰিলেও এই ক্ষুদ্ৰ ক্ষুদ্ৰ
প্ৰাণীবোৰক
আকাশেই যে কিমান ভাল পায় ।

                ++++

Saturday, October 27, 2018

তুমি অহাৰ বাবেই


তুমি অহাৰ বাবেই

     বুকুত নামিছিল 
        এজাক প্ৰেমৰ
          আবতৰীয়া বৰষুণ

হৃদয়ৰ আন্ধাৰ কোঠালিত
    সিচঁৰতি হৈ ছিটিকি পৰিছিল
    এচেৰেঙা জোনাক

মই সিঁচি দিছিলো
    ভালপোৱাৰ কঠিয়া
    তোমাৰ মন পথাৰৰ আৰ্দ্ৰতাত ।

                +++++

Thursday, October 25, 2018

অন্বেষণ


অন্তহীন অপেক্ষা
উজাগৰী নিশাৰ, যাৰ বাবে
সংগ্ৰহ


গুণগুণাই উঠে মোৰ গীটাৰৰ তাঁৰ
ফুলি উঠে কৃষ্ণচূড়া আগমনত যাৰ

কোন সেই মায়াবী হৰিণ ?

নহয় তাই আকাশ
নহয় বতাহো
নহয় বতাহৰ শীতলতাও
সাগৰ  ?  নহয় তাৰ গভীৰতাও

কোন সেই মায়াবী হৰিণ  ? 

            +++++

Tuesday, October 23, 2018

দূৰৈৰপৰা দেখিলেই হাই বুলি মাতিবা


দূৰৈৰপৰা দেখিলেই হাই বুলি
মাতিবা দেই. . . . 
ওচৰ চাপি জানিবা মোৰ সঞ্চিত বাৰ্তা
সমীপত পাই উথলি উঠা অনুৰাগৰ বীজ
সিঁচি দিম 
তোমাৰ মন পথাৰৰ আৰ্দ্ৰতাত
সংগ্ৰহ


আজি বেছি দিন হোৱা নাই

মোৰ পৰা তোমাৰ হৃদয়লৈ যাবলৈ
সাঁকোখন বন্ধা

মই ছাগে

বৰকৈ ভাৱো তোমাৰ কথা
ক্ষণদাৰ মাজ মজিয়াত কেতিয়াবা
ভুল কৰো শেতেলিৰ কোমল গাৰুটোক  সাৱটি
পৰ্দা ঠেলি 
হাচনাহানা সুবাস কঢ়িয়াই অনা
ফিৰফিৰীয়া
প্ৰভাতী বতাহজাকে চুই গলে ভুল কৰো
তোমাৰ লাহী আঙুলিৰ স্পৰ্শ বুলি

আজি বেছি দিন হোৱা নাই

মোৰ পৰা তোমাৰ হৃদয়লৈ যাবলৈ
সাঁকোখন বন্ধা
সেইবাবেই বোধকৰো
তোমাক লগ পোৱাতো মোৰ প্ৰেয়ঃ

সেয়ে কেতিয়াবা

দূৰৈৰপৰা দেখিলেও হাই বুলি মাতিবা
সমীপত পাই উথলি উঠা অনুৰাগৰ বীজ
সিঁচি দিম 
তোমাৰ মন পথাৰৰ আৰ্দ্ৰতাত. . . ।

              ++++

ডুখুৰীয়া কবিতা




জোনাক ভালপোৱা  বাবেইতো
পাহৰণিবোৰ এন্ধাৰ
অতীত পাহৰণিৰ অন্য নাম




স্মৃতিৰ টুকুৰা ছবিত
অতীতবোৰ জিলিকে
বিচ্ছুৰিত জোনাকৰ বাবেই
জোনাক
এক নুবুজা সাঁথৰ



জোনাক ভালপোৱাৰ বাবেইতো
কবিতাই মালা গাঁথে
কবিতাইয়ো ভালপায় জোনাক 

             +++++

সন্দিহান


সপোনৰ অনিশ্চয়তা
শৰতময় প্ৰভাতৰ নিয়ৰে ধোৱা দুবৰিত
জল জল পট পট

মৰুত জীপাল হাচনাহানা কলি
ফটো: সংগ্ৰহ

দুহাত শূণ্য
নোৱাৰো দিব উভতাই
তুমি বিচৰা খিনি

মইতো নোৱাৰো
ৰাখিব তোমাক বন্দী কৰি হৃদয়ৰ
অশোক বাটিকাত
মৰহি যায় যদি গোলাপৰ পাহিত
প্ৰেমৰ ইতিহাস  ।

             ++++

Monday, October 22, 2018

তোমাৰ উচুপনি বনাম মোৰ মৌনতা


বিদায় ল'বলৈ আহি
তুমি উটি গৈছিলা  চকুলোৰ দুৰ্দান্ত বানত
আৰু মই. . . 
ফটো: সংগ্ৰহ


মৌনতাৰ নৌকা বাই বাই
বঠাহীন নাঁৱৰীয়া

প্ৰতিটো উচুপনিৰ ভাষা মোৰ জ্ঞাত
তুমি নিৰুপায়

প্ৰত্যুত্তৰত বোবা চাৱনি হৈ

উদাস উদাস মোৰ
মৌনতা. . . ।

              ++++++

গোলাপ-২


নিচিঙিবা হেৰা ভাই
    গোলাপৰ কলি
       ফুলিবলৈ দিয়া তাইক
        গোটেই জীৱন জুৰি।

আহিছে এই ধৰালৈ
  এটি ছুটি জীৱন লৈ
    ফুলিবলৈ দিয়া তাইক
       এপাহি গোলাপ হৈ।

বেচেৰী এই ফুল পাহি
      যাবগৈ এদিন সৰি
          নোৱাৰে কোনেও তাইক
                ৰাখিব যে ধৰি।

বি:দ্ৰ:  ষষ্ঠ শ্ৰেণীত লিখা এইটো মোৰ প্ৰথম কবিতা।
 

:: আক্ষিপ্ত ::

মোৰ তন্ময়তাৰ আঁৰত জুমি চাবলে
তুমি  ? 
হেৰাই যাবা 
খামোচ পিছলিলে
চকুলোৰ দুৰন্ত উৰ্মিত. . . . 

           +++++++

গোলাপ-১


কাঁইটক ৰখীয়া কৰি
ধুনীয়া বুলিয়েই নেকি গোলাপৰ অহমিকা
বুলি কৈ ফুলৰ ৰাণী।

       +++++

ডঁৰিয়লিৰ ডাঠ কুঁৱলী

বিগত ৰাতিৰ
ডঁৰিয়লিৰ ডাঠ কুঁৱলীডৰা
সম্প্ৰতি আৰু নাই

জিলিৰ মাতত
ফিৰফিৰাই কান্দিছিল বতাহ

ৰাতিৰ ঈষৎ নিৰ্জনতাই গান গায়
আকাশ ধিয়াই
হৃদয়ৰ প্ৰান্ততো মিলি যায়
সেই গান

শেৱালি পুৱাতেই
হুৰুঙাই উৰি যাব এটি চৰাই
বসন্ত পিয়াসী সি বসন্তৰেই সন্ধানত
ডেউকাৰ লাহী কোবত
আঁতৰিব
ডঁৰিয়লিৰ ডাঠ কুঁৱলী. . . . 

              +++++

Sunday, October 21, 2018

যি কবিতাৰ অভিধা তুমি আৰু মই. . .

পছিমৰ তেজগোৰা সুৱৰ্ণ সবিতা
হেঙুলীয়া আকাশত
ঘৰমুৱা এহালি পক্ষী হয়তো
প্ৰেমিক চৰাই যেন
তুমি আৰু মই. . . 

গৰখীয়াৰ বাটৰ মূৰত ধূলি উৰুৱাই 
আৱেগত মত্ত
তুমি আৰু মই. . . 

কৌমুদীৰ স্নিগ্ধতাত ভালপোৱাৰেই
বিদ্যা শপত
নিদ্ৰা আৰু জাগ্ৰতৰ মধ্যপ্ৰদেশত
সমাজিক এটিৰ বেঙা-মেলা নাচোন

পৃথিৱীৰ কোনোবা অৰ্ধতন্দ্ৰাছন্ন তন্ময় ক্ষণত
দুয়োৰে শ্বাস এক হোৱাৰ বাঞ্ছা
তপস্যাত ৰত
তুমি আৰু মই. . . 

স্বপ্নাৱিষ্ট শেতেলিত কুচি-মুচি বহি কাইলৈ 
বিভাৱৰীৰ আকাশত 
একেথৰে চাই ৰম অলিন্দৰ পৰা
এটি দুটি এঘাৰটি তৰাৰ উচ্চল হাঁহোন

হওঁক বুলিয়েই উদ্ভাসিত মোৰ মোৰ
দুচকুৰ নীলিমাত
নীল প্ৰাণৰ ভাষা

এয়া যে শব্দৰ সেউজীয়া নদীয়েদি কবিতাৰ উৱাদিহ
যি কবিতাৰ অভিধা
তুমি আৰু মই. . . 

              ++++++

কবিতাৰ চলেৰে. . .


কবিতাৰ চলেৰে
তোমাৰ ৰেচমী চুলিটাৰিৰ তোষামোদ কৰিবলে
মোৰ তন্ময়তাৰ যাদুঘৰত
শব্দৰ উচ্চল লয়লাস

নীল সৰোবৰ যেন দুটি সুগভীৰ নয়ন
চাৱনিৰ দুৰ্দান্ত তৰংগই মোক
উটুৱালে চোন
ফটো: সংগ্ৰহ(ইন্টাৰনেট)


দাঁতিত
অভয়াৰণ্যৰ দৰে
ধেনুভেৰীয়া চেলাউৰিযুৰি যেন লাজুকী হৰিণ চৰিবলৈহে. . . . 

          ++++

::সাঁথৰ::


ফটো: সংগ্ৰহ(ইন্টাৰনেট)

দুখ যন্ত্ৰণাৱিষ্ট 
এই পৃথিৱীখনক কিম্বা জীৱনক 
ভালপোৱাৰ কি যে 
মাদকতা. . . 
আস!
মৃত্যুমুখী মানুহৰো 
জীয়াই থকাৰ কি চিৰন্তন হেঁপাহ।