Sunday, October 21, 2018

যি কবিতাৰ অভিধা তুমি আৰু মই. . .

পছিমৰ তেজগোৰা সুৱৰ্ণ সবিতা
হেঙুলীয়া আকাশত
ঘৰমুৱা এহালি পক্ষী হয়তো
প্ৰেমিক চৰাই যেন
তুমি আৰু মই. . . 

গৰখীয়াৰ বাটৰ মূৰত ধূলি উৰুৱাই 
আৱেগত মত্ত
তুমি আৰু মই. . . 

কৌমুদীৰ স্নিগ্ধতাত ভালপোৱাৰেই
বিদ্যা শপত
নিদ্ৰা আৰু জাগ্ৰতৰ মধ্যপ্ৰদেশত
সমাজিক এটিৰ বেঙা-মেলা নাচোন

পৃথিৱীৰ কোনোবা অৰ্ধতন্দ্ৰাছন্ন তন্ময় ক্ষণত
দুয়োৰে শ্বাস এক হোৱাৰ বাঞ্ছা
তপস্যাত ৰত
তুমি আৰু মই. . . 

স্বপ্নাৱিষ্ট শেতেলিত কুচি-মুচি বহি কাইলৈ 
বিভাৱৰীৰ আকাশত 
একেথৰে চাই ৰম অলিন্দৰ পৰা
এটি দুটি এঘাৰটি তৰাৰ উচ্চল হাঁহোন

হওঁক বুলিয়েই উদ্ভাসিত মোৰ মোৰ
দুচকুৰ নীলিমাত
নীল প্ৰাণৰ ভাষা

এয়া যে শব্দৰ সেউজীয়া নদীয়েদি কবিতাৰ উৱাদিহ
যি কবিতাৰ অভিধা
তুমি আৰু মই. . . 

              ++++++

2 comments:

  1. নিভাজ সময় খিনিত মই আমনি নকৰোঁ দেই .. . ।।

    ReplyDelete