Tuesday, November 6, 2018

মোৰ যে কিমান হেঁপাহ


তেজে তেজে বয় প্ৰণয়ৰ এখনি নৈ
হৃদয়ত অনুৰাগৰ বীজ
চুই চালেই বুজিবা হে আকাশ বতাহ
মোৰো যে কিমান হেঁপাহ
ঈষৎ সেউজীয়া
বুকুত হাচনাহানাৰ সিক্ত কলি
হৃদয়ৰ ভাষা 
শব্দৰ সৰোজৰে গাঁথা
কবিতাৰে তোমাক চুবলৈ
সমাহিত মই
এটি কৃচ্ছ সাধনাত ।

                    ++++


Sunday, November 4, 2018

অমানিশা



নিবিড় নীৰৱতা ভেদি 
বৈ আহে
কলিজাৰ অনুভৱী কান্দোনৰ
চিনাকী মাত

জোনাক গুছিল অমানিশাই আগুৰিল
হঠাতে
তোমাৰ হৃদয়লৈ যোৱা
সমুখৰ 
চিনাকী বাট

দুচকুত 
সপোনৰ মমবাতি জ্বলাম
তথাপি তোমাক চাম  ।

                   ++++

Saturday, November 3, 2018

তুমি মোৰ তেজে তেজে আছা


তুমি মোৰ তেজে তেজে  আছা
    হৃদয়তো শিপাইছাহি
  অনুভূতিৰ দ্ৰাক্ষা হৈ 
ফটো : সংগ্ৰহ


তোমাৰ প্ৰতি উশাহে 
 মোৰ কলিজাত খুন্দিয়াই
     নিশাহেও আহে
    বিষাদৰ কালিমা গুছাই।

                        +++++