সন্দিহান
সপোনৰ অনিশ্চয়তা
শৰতময় প্ৰভাতৰ নিয়ৰে ধোৱা দুবৰিত
জল জল পট পট
মৰুত জীপাল হাচনাহানা কলি
|
ফটো: সংগ্ৰহ |
দুহাত শূণ্য
নোৱাৰো দিব উভতাই
তুমি বিচৰা খিনি
মইতো নোৱাৰো
ৰাখিব তোমাক বন্দী কৰি
মোৰ হৃদয়ৰ
অশোক বাটিকাত
মৰহি যায় যদি গোলাপৰ পাহিত
প্ৰেমৰ ইতিহাস ।
++++
একো নাই মৰহি যাব নিদিবা মাথো . . . . সি ফুলিব ধৰিব।।
ReplyDeleteবাহ!
ReplyDeleteবাহ!
ReplyDelete